Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –3) – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –3) – 2022

প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান (part –3)
প্ৰশ্ন ১। মানুহে সাজি লোৱা প্ৰথম যান কি ?
উত্তৰঃ ভূৰ ।
প্ৰশ্ন ২। ভাপকলৰ প্ৰধান উদ্ভাৱক কোন ?
উত্তৰঃ জেʼমছ ৱাট ।
প্ৰশ্ন ৩। মিছাইল শব্দটো কʼৰ পৰা উদ্ভৱ হৈছে ?
উত্তৰঃ মিছাইল শব্দটো লেটিন শব্দ মিটেৰি (Mittere) ৰ পৰা উদ্ভৱ হৈছে ।
প্ৰশ্ন ৪। কোকা কʼলা (coco cola) কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰঃ ডাঃ জে .এছ . পেম্বাৰটন ।
প্ৰশ্ন ৫। মহাভাৰতৰ আন এটা নাম কি ?
উত্তৰঃ পঞ্চম বেদ ।
প্ৰশ্ন ৬। নাৰদে ব্যৱহাৰ কৰা বীণাখনৰ নাম কি ?
উত্তৰঃ কাশ্যপী ।
প্ৰশ্ন ৭। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন ?
উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ ।
প্ৰশ্ন ৮। অসমৰ জুইশলা কাৰখানা কʼত আছে ?
উত্তৰঃ ধুবুৰীত ।
প্ৰশ্ন ৯। অসমৰ শিশু বিজ্ঞানীজনৰ নাম কি ?
উত্তৰঃ ৰোহন বৰা (গোলাঘাট ) ।
প্ৰশ্ন ১০। লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৭০২ খ্ৰীষ্টাব্দত । ইংলেণ্ডৰ কেম্ব্ৰিজ কলেজত সৰ্বপ্ৰথম লিখি পৰীক্ষা দিয়াৰ নিয়ম আৰম্ভ হৈছিল ।
প্ৰশ্ন ১১। ‘ BPL ’ ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ Below Poverty Line .
প্ৰশ্ন ১২। ‘কুইজ’ শব্দটোৰ অৰ্থ কি ?
উত্তৰঃ লেটিন ভাষাত কুইজ মানে হʼল কি বা কোন । কৌতুহল বুজিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয় । সাম্প্ৰতিক অৰ্থত ই হʼল জ্ঞানৰ তাৎক্ষণিক পৰীক্ষা ।
প্ৰশ্ন ১৩। দিয়াচলাই কোনে আৱিস্কাৰ কৰিছিল ?
উত্তৰঃ জন ওৱাকাৰ ।
প্ৰশ্ন ১৪। মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি ?
উত্তৰঃ পলিগ্ৰাফ ।
প্ৰশ্ন ১৫। ৰাৱনৰ পিতৃৰ নাম কি ?
উত্তৰঃ বিশ্ৰবা ।
প্ৰশ্ন ১৬। মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ কোনে আৱিস্কাৰ কৰিছিল ?
উত্তৰঃ জন লাৰ্চেন ।
প্ৰশ্ন ১৭। বতাহৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি ?
উত্তৰঃ এনিমʼমিটাৰ ।
প্ৰশ্ন ১৮। ৰেলৰ ডবাৰ খিৰিকীত কোনবিধ কাচ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ নিৰাপদ কাচ ।
প্ৰশ্ন ১৯। বেলুন কোনে আৱিস্কাৰ কৰিছিল ?
উত্তৰঃ মন্টগলফাৰ ব্ৰাডাৰ্ছ ।
প্ৰশ্ন ২০। C.B.I ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ Central Bureau of Investigation .
প্ৰশ্ন ২১। মানুহৰ ৰক্তচাপ (Blood pressure ) জোখা যন্ত্ৰটোৰ কি ?
উত্তৰঃ স্ফিগমোমেনোʼমিটাৰ ।
প্ৰশ্ন ২২। মেলেৰিয়া ৰোগৰ কাৰক কি?
উত্তৰঃ প্লাজমʼডিয়াম ভাইভেক্স ।
প্ৰশ্ন ২৩। মানুহে সজা আটাইতকৈ ওখ গম্বুজ কি ?
উত্তৰঃ বুৰ্জ খলিফা ।
প্ৰশ্ন ২৪। APL ʼৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃ Above Poverty Line .
প্ৰশ্ন ২৫। বৰষুণৰ পানীত কি ভিটামিন থাকে ?
উত্তৰঃ ভিটামিন বি ( B ) ।
প্ৰশ্ন ২৬। বাদুলীয়ে সৃষ্টি কৰা শব্দটি কি ?
উত্তৰঃ অতিশাব্দিক ।
প্ৰশ্ন ২৭। National Cancer Hospital কʼত আছে ?
উত্তৰঃ কলকাতাত ।
প্ৰশ্ন ২৮। মানুহৰ হালধীয়া জ্বৰৰ বাহকৰ নামটো কি ?
উত্তৰঃ এডিছ মহ ।
প্ৰশ্ন ২৯। ছাহলিৰ হিমʼগ্লবিনʼ মিটাৰ কি ?
উত্তৰঃ তেজত থকা হিমʼগ্লবিনৰ পৰিমাণ নিৰ্ধাৰণ কৰা আহিলা ।
প্ৰশ্ন ৩০। প্ৰথম মেইনফ্ৰেম কম্পিউটাৰটোৰ নাম কি ?
উত্তৰঃ ENIAC .
প্ৰশ্ন ৩১। বৰ্তমান পৃথিৱীৰ ভিতৰত ধনী ব্যক্তি কোন ?
উত্তৰঃ জেক বেজোছ ।

Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.
YouTube Channel