Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমৰ কেইখনমান উল্লেখযোগ্য মঠ – মন্দিৰ | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – অসমৰ কেইখনমান উল্লেখযোগ্য মঠ – মন্দিৰ | অসমীয়া সাধাৰণ জ্ঞান – 2022
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
অসমৰ কেইখনমান উল্লেখযোগ্য মঠ – মন্দিৰ
১। কামাখ্যা মন্দিৰ :– গুৱাহাটীৰ পশ্চিমে নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত । মহাদেৱ শিৱই সতীৰ দেহ কান্ধত লৈ ফুৰোঁতে এই স্থানত সতীৰ যোনি অংশ পৰিছিল বুলি বিশ্বাস । সেইমৰ্ম্মে ই যোনিপূজাৰ পৱিত্ৰ স্থান । ১৫৬৫ চনত মহাৰাজ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল । স্বৰ্গদেউ প্রমত্ত সিংহই সন্তান লাভৰ আশাত নগাঁও জিলাৰ শিলঘাটতো এটা কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল ।
২। উমানন্দ মন্দিৰ :– গুৱাহাটী কাছাৰীঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ অৱস্থিত । ই পৃথিৱীৰ ক্ষুদ্রতম্ নদী – দ্বীপ । প্রাচীন প্রবাদমতে উমা ( পাৰ্বতী ) ক আনন্দ দিবৰ বাবে শিৱ এই স্থানত চিৰবিদ্যমান , সেয়ে ইয়াৰ নাম ‘ উমানন্দ ‘ । আন এক জনশ্রুতিমতে এই ঠাইত শিৱই তেওঁৰ তৃতীয় নয়নেৰে কামদেৱক ভস্ম কৰিছিল । সেই কাৰণে এই দ্বীপটোক ভস্মাচল বা ভস্মগৈল বুলি জনাজাত । ইংৰাজসকলে ইয়াক Peacock Island বুলিছিল । ইয়াৰ শিৱ মন্দিৰটো আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দ্দেশত গড়গঞা সন্দিকৈ ফুকনে ১৬৯৪ খৃষ্টাব্দত সাজি উলিয়াইছিল । এই দেৱালয়ত শিৱৰাত্ৰিৰ দিনা ডাঙৰ উৎসৱ হয় ।
৩। নৱগ্ৰহ মন্দিৰ :- গুৱাহাটী উজান বজাৰৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত । হিন্দুৰ পূজ্য দেৱতা — সূর্য , চন্দ্ৰ , বুধ , বৃহস্পতি , শুক্র , মংগল , শনি , ৰাহু আৰু কেতু এই নটা গ্ৰহৰ বিগ্ৰহ বা শিলাচিহ্ন থকা বাবে ইয়াক নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয় । ইতিহাসবিদ সকলৰ মতে এই মন্দিৰ জ্যোতিষ চর্চ্চাৰ প্ৰাণকেন্দ্ৰ আছিল । আৰু তাৰপৰাই অসমৰ পুৰণি নাম প্ৰাগ্জ্যোতিষপুৰ – হৈছিল । বৰাহ মিহিৰে এই মন্দিৰতে জ্যোতিষ চৰ্চা কৰিছিল । তাৰোপৰি কালিকা পুৰাণতো এই মন্দিৰত জ্যোতিষ চর্চ্চা হোৱাৰ কথা উল্লেখ আছে । প্ৰতি বছৰে মাঘ – ফাগুনৰ সংক্ৰান্তিত ইয়াত মহাযজ্ঞ অনুষ্ঠিত হয় ।
৪। উগ্ৰতৰা দেৱালয় :- গুৱাহাটীৰ আমবাৰী উজানবজাৰৰ যোৰপুখুৰীৰ পাৰত ‘ উগ্ৰতৰা ’ দেৱালয় অৱস্থিত । ইয়াত সতীৰ নাভিমণ্ডল পৰিছিল বুলি জনবিশ্বাস আছে । ১৬৬০ শকত আহোম ৰজা শিৱসিংহই এই দেৱালয় নিৰ্ম্মাণ কৰিছিল বুলি জনা যায় ।
৫। শুক্ৰেশ্বৰ মন্দিৰ :– গুৱাহাটীৰ পাণবজাৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত এই শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত । জনশ্রুতিমতে দৈত্যগুৰু শুক্ৰচাৰ্যই এই মন্দিৰৰ শিৱলিংগটো প্ৰতিষ্ঠা কৰিছিল । ১৭৪৪-১৭৫১ চনত আহোম ৰজা প্রমত্ত সিংহৰ দিনত এই মন্দিৰ নিৰ্ম্মাণ হৈছিল ।
৬। জনাৰ্দ্দন দেৱালয় :– জনাৰ্দ্দন দেৱালয় হ’ল এটা বিষ্ণু মন্দিৰ । আহোম ৰজা প্রমত্ত সিংহই গুৱাহাটী শুক্ৰেশ্বৰ মন্দিৰৰ গাতে লাগি থকা এই জনাৰ্দ্দন দেৱালয় নিৰ্ম্মাণ কৰিছিল । এই মন্দিৰটোৰ গাত ভালেমান মূৰ্ত্তি খোদিত থকাৰ উপৰিও ইয়াত এখন শিলালিপিও আছে ।
৭। বশিষ্ঠ আশ্রম :– গুৱাহাটীৰ সন্ধ্যাচল পাহাৰৰ এক মনোৰম স্থানত এই বশিষ্ঠাশ্ৰম অৱস্থিত । কালিকাপুৰাণমতে , এই ঠাইত বশিষ্ঠমুনিয়ে পাপমুক্তিৰ হেতু , বিষ্ণুক তপস্যা কৰিছিল । মুনিয়ে শ্রীবিষ্ণুৰ কৃপাত সন্ধ্যা , ললিতা আৰু কান্তা— এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে আৰু তাতে স্নান কৰি মুনি পাপ মুক্ত হৈছিল । সেয়ে হিন্দুসকলৰ বিশ্বাস যে তাত স্নান কৰিলে পাপ মুক্ত হয় । আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত বশিষ্ঠ মন্দিৰ নিৰ্ম্মাণ কৰা হৈছিল । এই মন্দিৰৰ ভিতৰত বশিষ্ঠ মুনিৰ পদচিহ্ন আৰু ৰাজেশ্বৰ সিংহৰ দিনৰ শিলালিপিও আছে ।
৮। মদন কামদেৱৰ দেৱালয় :– কামৰূপ ( গ্ৰাম্য ) জিলাৰ অন্তৰ্গত বাইহাটা চাৰি আলিৰ দেৱানগিৰি পাহাৰত এই মদন – কামদেৱ দেৱালয় অৱস্থিত । ইয়াত নটৰাজ , শিৱ , গণেশ , বিষ্ণু , ভৈৰৱ , উমা , সূৰ্য আদি দুশৰো অধিক দেৱ দেৱীৰ মৈথুনৰত অৱস্থাৰ মূৰ্ত্তি আছে ।
৯। হয়গ্রীব মাধৱ মন্দিৰ :– ১৫৮৩ চনত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে হাজোৰ মণিকূট পাহাৰত হয়ঞ্জীব মাধৱ মন্দিৰ স্থাপন কৰিছিল । এই মন্দিৰটোলৈ উঠিবলৈ শিলৰ এখন দীঘল খটখটি আছে । মন্দিৰৰ বেৰত বিভিন্ন দৃশ্য খোদাই কৰা আছে । আৰু মন্দিৰৰ ওচৰত বিষ্ণুপুৰ বা মাধৱ পুখুৰী নামে এটা ডাঙৰ পুখুৰী আছে । তাত বহুদিনীয়া ডাঙৰ ডাঙৰ মাছ কাছ দেখা পোৱা যায় । প্ৰতি বছৰে এই মন্দিৰত জন্মাষ্টমী , মাঘবিহু আৰু দৌল উৎসৱ পালন কৰা হয় ।
১০। পোৱামক্কা :– হাজোৰ গৰুড়াচল পাহাৰত অৱস্থিত । ১৬৫৭ চনত মোগল সম্রাট ছাহজাহানৰ পুত্ৰ আব্দুল গাজী চুজাউদ্দিনে এই ঠাইত মছজিদ নিৰ্ম্মাণ কৰিছিল । জনশ্ৰুতিমতে , সুদূৰ মক্কাৰপৰা এপোৱা মাটি আনি এই মছজিদৰ ভেটি স্থাপন কৰা হৈছিল । ভক্তপ্ৰাণৰ বিশ্বাস যে পোৱামক্কালৈ আহিলে মক্কা দৰ্শনৰ চাৰিভাগৰ এভাগ পূণ্য লাভ হয় । আজিও এই ‘ তীৰ্থ ’ বা ‘ দৰগাহ’টো হিন্দু আৰু মুছলমান উভয়ৰে অতি পৱিত্ৰ তীৰ্থস্থান । পোৱামক্কাত জেঠমাহৰ শুক্লা পূৰ্ণিমাত হিন্দুভক্তৰো সমাৱেশ হয় । ইয়াৰ সন্মুখত অতি প্রাচীন এটা পুখুৰী আৰু কবৰ আছে । এই পুখুৰীটো ইৰাণৰ ধৰ্ম্মপ্ৰচাৰক গিয়াচুদ্দিন আউলিয়াই খন্দাইছিল আৰু কবৰটোও তেওঁৰ বুলিয়ে জনা যায় ।
১১। বৰদোৱা সত্ৰ :– নগাঁওৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত । এই সত্ৰত মহাপুৰুষ শ্ৰীশংকৰদেৱৰ পদশিলা আছে । দৌলযাত্ৰা আৰু বৈষ্ণৱ গুৰুসৱৰ জন্ম – মৃত্যুৰ তিথি ইয়াত পালন কৰা হয় ।
১২। বৰপেটা কীৰ্ত্তনঘৰ :– প্রায় পঞ্চাদশ শতিকাত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে বৰপেটা চহৰত এইখন বৈষ্ণৱসত্ৰ প্ৰতিষ্ঠা কৰিছিল । ই বৈষ্ণৱসকলৰ এক পৱিত্ৰ স্থান । ইয়াতে মাধৱদেৱে বৈষ্ণৱ ধৰ্ম্ম চর্চ্চা কৰিছিল । মহাপুৰুষজনা কোচবিহাৰলৈ যোৱাত মথুৰাদাস বুঢ়া আতাক সত্ৰাধিকাৰ পাতিছিল । কীৰ্ত্তন ঘৰৰ উপৰিও এই সত্ৰখনত ভক্ত , দর্শনার্থী যাত্ৰীৰ বাবে থকা অতিথিশালা , দুটাকৈ ৰংগমঞ্চ আছে । প্রতিবছৰে দৌলযাত্ৰাত অলেখ মানুহৰ সমাগম হয় । উল্লেখযোগ্য যে এই সত্ৰৰ কীৰ্ত্তনঘৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ ।
১৩। পাটবাউসী সত্ৰ :– প্ৰায় ১৯৫৪ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ ধনুখন্দা জানৰ পশ্চিম পাৰৰ পাটবাউসীত এই সত্ৰখনি স্থাপন কৰিছিল । বৰপেটা জিলাৰ ই এখন উল্লেখনীয় বৈষ্ণৱ সত্ৰ । ইয়াতেই শ্ৰীমন্ত শংকৰদেৱে প্রায় ১৮ বছৰ ছয়মাহ কাল কটাইছিল । পাটবাউসী সত্ৰতে মহাপুৰুষজনাই বৈষ্ণৱ ধৰ্ম্ম চর্চ্চা তথা সাহিত্য সাধনাত নিমগ্ন হৈছিল । জগৎ গুৰুজনাই এই সত্ৰতে তেওঁৰ শ্ৰেষ্ঠতম্ সাহিত্য “ কীৰ্ত্তন – ঘোষা ” সম্পূৰ্ণ কৰাৰ উপৰিও প্ৰায় ২৪০ টা বৰগীত ৰচনা কৰিছিল ।
১৪। গোপেশ্বৰ দেৱালয় :- ঢেকীয়াজুলিৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে থকা শিঙৰি টিলাৰ দক্ষিণ – পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত । .ই এটা শিৱ মন্দিৰ । ইয়াৰ শিৱ লিঙ্গটো পানীৰ তলত থকা বাবে মন্দিৰটোৰ অন্য এটা নাম গুপেশ্বৰ । জনশ্রুতিমতে শৃংগমুনিয়ে ইয়াত আশ্রম পাতি তপস্যা কৰিছিল আৰু শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল ।
১৫। মহাভৈৰৱ মন্দিৰ :– তেজপুৰ চহৰত অৱস্থিত এই মহাভৈৰৱ মন্দিৰটো বাণ ৰজাই নিৰ্ম্মাণ কৰিছিল । পিছত কালক্ৰমত কেইবাবাৰো আহোম ৰজাসকলে পুনৰ নিৰ্ম্মাণ কৰিছিল । ই এটা শিৱ মন্দিৰ । ইয়াত মহা শিৱৰাত্ৰি মহাসমাৰোহেৰে পালন কৰা হয় ।
১৬। ভৈৰৱী মন্দিৰ :– বাণ ৰজাৰ কাৰেঙৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ এটাৰ ওপৰত এই প্রচীন ভৈৰৱীদেৱীৰ মন্দিৰটো অৱস্থিত । ইয়াত বাণ ৰজাৰ জীয়াৰী ঊষাই পূজা – অৰ্চনা কৰিছিল বুলি জনবিশ্বাস আছে ।
১৭। মহামায়া থান :– ধুবুৰী জিলাৰ বগৰীবাৰীত মহামায়া থান অৱস্থিত । জমিদাৰ হাতীবৰ চৌধুৰীয়ে প্রথমে মহামায়াৰ মূৰ্ত্তি উদ্ধাৰ কৰি বগৰীবাৰীত এই থানখন স্থাপন কৰিছিল । মহামায়া থানত নিত্য দশোপচাৰে পূজা পালন হয় । আৰু হিন্দু ধৰ্ম্মপ্ৰাণ ৰাইজে বিবাহ , উপনয়ন , চূড়াকৰণ , অন্নপ্রসন আদি সম্পন্ন কৰাকে ধৰি মনোকামনা পূৰণাৰ্থে আশীৰ্বাদ বিচাৰি যায় । থানৰ ওচৰৰ মহামায়া ঘাটত অশোকাষ্টমী দিনা স্নান কৰিবলৈ ভক্তৰ সমাৱেশ হয় ।
১৮। শিৱদৌল :- ই অসমৰ আটাইতকৈ ওখ মন্দিৰ । আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই শিৱসাগৰ চহৰত ১০৪ ফুট ( প্রায় ৩২ মিটাৰ ) উচ্চতাৰ এই শিৱ মন্দিৰটো নিৰ্ম্মাণ কৰিছিল । দৌলটোৰ চূড়াত থকা কলহটো সোণৰ । এই শিৱদৌলত শিৱৰাত্ৰি মেলা জাক্জমকতাৰে আয়োজন কৰা হয় ।
১৯। আজান পীৰৰ দৰগাহ :– শিৱসাগৰ চহৰৰ পৰা প্ৰায় ২২ কিঃ মিঃ দূৰত শ’ৰাগুৰি চাপৰিত প্ৰখ্যাত আজান পীৰ বা আজান ফকীৰৰ দৰগাহ বা পৱিত্ৰ সমাধিস্থল অৱস্থিত । দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগম স্থলৰ ওচৰতে শ’ৰাগুৰি চাপৰিটো অৱস্থিত । ইয়াক এই দুয়োখন নদীয়ে তিনিফালৰ পৰা আগুৰি আছে । মাত্ৰ পূবৰ ফালটো মুক্ত মৈদান ।
২০। মহাপ্রভু শ্রীশ্রীদৌলগোৱিন্দ মন্দিৰ :– উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত মহাপ্রভু শ্ৰীশ্ৰীদৌলগোৱিন্দ মন্দিৰ অৱস্থিত । এই মন্দিৰৰ মূল বিগ্ৰহজনা অসমৰ সু সন্তান আনন্দৰাম বৰুৱাদেৱৰ পিতৃ বিশ্ববিশ্রুত সংস্কৃত পণ্ডিত গৰ্গৰাম বৰুৱাদেৱে স্থাপন কৰিছিল বৃটিছ শাসন কালত । বুৰঞ্জীবিসকলৰ মতে ১৭৯৫ খৃষ্টাব্দত হৰদত্তই নিজৰ কুলবিগ্ৰহজনাক ৰঙিয়াৰ সন্ধ্যাঝাৰ হাবিত আত্মগোপন কালত মাটিৰ তলত পুতি থৈছিল । বৰ্ত্তমানো এই মন্দিৰত প্ৰতিদিনে শাস্ত্ৰীয় বিধিমতে মহাপ্ৰভুৰ স্নান – পূজা , ভোগ , আৰতি , শয়ন আদিৰ ব্যৱস্থা আছে । প্ৰতিদিনে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে । ইয়াত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু ফাকুৱা উৎসৱ মহা ধুমধামেৰে পালন কৰা হয় ।
২১। দীঘ্ৰেশ্বৰী মন্দিৰ :– উত্তৰ গুৱাহাটীৰ ফুলুঙ ( সীতাপৰ্ব্বত ) ত দীঘ্ৰেশ্বৰী মন্দিৰ অৱস্থিত । প্রায় ১৭৫১ শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত এই মন্দিৰটো নিৰ্ম্মাণ কৰা হৈছিল । অতীতৰে পৰা এই মন্দিৰত দুৰ্গাদেৱীৰ পূজা – সেৱা উলহ – মালহেৰে পালন কৰি অহা হৈছে । মন্দিৰটোৰ ২/৩ হাজাৰ যাত্ৰীয়ে একেলগে বহি ভোগ খাব পৰাকৈ এটি বৃহৎ ভোজনালয় আছে । দীঘ্ৰেশ্বৰী মন্দিৰত হিন্দু ধৰ্ম্মপ্ৰাণ ৰাইজে বিবাহ , উপনয়ন চূড়াকৰণ , অন্নপ্ৰসন আদি সম্পন্ন কৰাকে ধৰি মনোকামনা পূৰনাৰ্থে আশীৰ্বাদ বিচাৰি যায় ।
২২। অশ্বক্লান্ত বা অশ্বক্রান্ত মন্দিৰ :- উত্তৰ গুৱাহাটী জাহাজ ঘাটৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ওখ পাহাৰত অৱস্থিত । ইয়াত দুটা মন্দিৰ আছে ; এটা পাহাৰখনৰ ওপৰত আৰু আনটো ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনিত । ইয়াৰে এটা অনন্তশায়ী বিষ্ণুৰ মন্দিৰ আৰু আনটো কুৰ্ম্মৰূপী ভগৱান জনাৰ্দ্দন বিষ্ণুৰ মন্দিৰ । অনন্তশায়ী বিষ্ণুৰ মন্দিৰটো ১৭২০ শকত আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্ম্মাণ কৰিছিল । আকৌ জনাৰ্দ্দন বিষ্ণু মন্দিৰটো দৰঙী ৰজাই সাজিছিল । অশ্বক্লান্তত অশোক অষ্টমীদিনা ডাঙৰ মেলা হয় । সেইদিনা অশ্বক্লান্ত কাশী , গয়া , হৰিদ্বাৰলৈ ৰূপান্তৰিত হয় । এই উৎসৱৰ উপৰিও ইয়াত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু ফাকুৱা বা দৌল উৎসৱ বিশেষ উলহ – মালহেৰে পালন কৰা হয় ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.