Assamese GK – Geography of Assam অসমৰ ভূগোল | অসমীয়া সাধাৰণ জ্ঞান – 2022

Join Roy Library Telegram Groups

Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – Geography of Assam অসমৰ ভূগোল | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.

Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ

Assamese GK – Geography of Assam অসমৰ ভূগোল | অসমীয়া সাধাৰণ জ্ঞান – 2022

অসমীয়া সাধাৰণ জ্ঞান GK

প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।

Geography of Assam অসম ভূগোল

১। অসমৰ অৱস্থিতি— অসম ভাৰতৰ উত্তৰ – পূব ( ঈশান ) কোণত অৱস্থিত । ভৌগোলিক অৱস্থান প্রায় ২৪° ৰপৰা ২৮° উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০° ৰ পৰা ৯৭° পূব দ্রাঘিমাংশত ।

২। অসমৰ মাটিৰ কালি – প্ৰায় ৭৮,৪৩৮ বর্গ কিলোমিটাৰ ।

৩। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা –

১। ব্রহ্মপুত্ৰ উপত্যকা ।

২। বৰাক উপত্যকা । আৰু

৩। কাৰবি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল ।

৪। অসমৰ চাৰিসীমা—

১। উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য ।

২। দক্ষিণে : মেঘালয় , মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য ।

৩। পূবে : অৰুণাচল প্রদেশ , নগালেণ্ড আৰু মণিপুৰ ।

৪। পশ্চিমে : পশ্চিমবংগ আৰু বাংলাদেশ ।

৫। অসমৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত – ৩৪০ জন ।

৬। অসমৰ পুৰুষ – মহিলাৰ অনুপাত প্রতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা — ৯৫৪ জনী ।

৭। অসমৰ শিক্ষিতৰ হাৰ — ৭৩.১৮ শতাংশ ।

৮। ব্রহ্মপুত্র উপত্যকাৰ মুঠ মাটিৰ কালি— প্রায় ৫৬,০০০ বর্গ কিলোমিটাৰ ।

৯। বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি— প্রায় ৬,৯৬২ বর্গ কিলোমিটাৰ ।

১০। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি— প্রায় ১৫,৩২২ বর্গ কিলোমিটাৰ ।

১১। মাজুলী বর্তমান মুঠ মাটিৰ কালি— প্রায় ৮০০ বর্গ কিলোমিটাৰ ।

১২। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম — কৰ্কটক্রান্তি ৰেখা ।

১৩। অসমৰ প্ৰধান নদী দুখনৰ নাম— ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৪। ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন— বৰনদী , পুঠিমাৰী , পাগলাদিয়া , সোৱণশিৰী , জীয়াভৰালী , জাঁজী , কপিলী , কুলসী , চম্পাৱতী , ধনশিৰি , জীয়াঢল , ৰঙানৈ , দিক্ৰং , ডিব্ৰু , ডিগাৰু , ন – দিহিং , দিচাং , বৰগাং , বুঢ়ীদিহিং , দিখৌ , দুধনৈ , ভোগদৈ , বুৰৈ , শিংৰা , সৰলভাঙা , মানাহ , কৃষ্ণাই , জিঞ্জিৰাম আদি ।

১৫। ব্ৰহ্মপুত্ৰৰ দলং কেইখন—

১। শৰাইঘাট ।

২। কলিয়াভোমোৰা ।

৩। নৰনাৰায়ণ সেতু ।

৪। বগীবিল দলং । আৰু

৫। ড° ভূপেন হাজৰিকা সেতু ।

১৬। ব্ৰহ্মপুত্ৰৰ প্রধান নদীদ্বীপ দুটা—

১। মাজুলী ( বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ) । আৰু

২। উমানন্দ ( বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ ) ।

১৭। অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত—

১। শীত— নৱেম্বৰ ― ডিচেম্বৰ আৰু জানুৱাৰী ।

২। প্রাক্-মৌচুমী— ফেব্ৰুৱাৰী , মাৰ্চ আৰু এপ্রিল ।

৩। মৌচুমী— মে , জুন আৰু জুলাই ।

৪। উত্তৰ – মৌচুমী — আগষ্ট , ছেপ্তেম্বৰ আৰু অক্টোবৰ ।

১৮। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম — বৰাইল পাহাৰ ( অসমৰ সৰ্বোচ্চ পাহাৰ )

১৯। বৰাক নদীৰ উপনদী কেইখন— জিৰি , চিৰি , ৰাকনি , ধলেশ্বৰী , বগাপানী , লংগাই , টিংৰাই , সোণাই , যদুকটা , মাধুৰা , জাতিংগা ।

২০। অসমৰ প্ৰধান পাহাৰবোৰ— কাবি পাহাৰ , বৰাইল পাহাৰ , বুঢ়া পাহাৰ , নীলাচল , চিত্ৰাচল দীঘ্ৰেশ্বৰী , কুৰুৱা পাহাৰ , ভোমোৰাগুৰি , শ্ৰীসূর্য , চৰাইদেউ , পঞ্চৰত্ন , ৰাক্ষসিনী , পাগলাটেক , টুক্ৰেশ্বৰী , বোন্দা , গণেশ , হিলৈখুন্দা , মহামায়া , অগ্নিগড় , সিংহাসন , হাতীমুৰা , কুঁৱৰী চূণশিল , মণিকৰ্ণেশ্বৰ , অশ্বক্লান্ত , সন্ধ্যাচল ।

২১। অসমৰ বিলবোৰৰ — বগীবিল , মেৰাবিল , দীঘলীবিল ( ডিব্ৰুগড় ) , কাৱৈমাৰী , দীপৰ , চানডুবি , ( কামৰূপ ) , কাছমাৰীজান , বৰডুবি , হাফলং লেক , পদুম পুখুৰী ( তেজপুৰ ) , জয়সাগৰ , শিৱসাগৰ পুখুৰী ( শিৱসাগৰ ) , ৰাজমাও পুখুৰী ( যোৰহাট ) , শনিবিল , ৰাতা বিল ( কৰিমগঞ্জ ) মাইলাতা , দিপলীঙা ( দৰং ) মৰিকলং ( নগাঁও ) , তামৰাঙা , উপদ ( গোৱালপাৰা ) ।

২২। অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন—

১। উত্তৰ কাছাৰ পাহাৰ জিলা ( নতুন নাম “ ডিমা হাছাও ” ) ।

২। ওদালগুৰি ।

৩। শোণিতপুৰ ।

৪। দৰং ।

৫। কৰিমগঞ্জ ।

৬। কাছাৰ ।

৭। কামৰূপ ( গ্ৰাম্য ) ।

৮ । কামৰূপ ( মহানগৰ ) ।

৯। কাৰ্বি আংলং ।

১০। কোকৰাঝাৰ ।

১১। গোলাঘাট ।

১২। গোৱালপাৰা ।

১৩। চিৰাং ।

১৪। ডিব্ৰুগড় ।

১৫। তিনিচুকীয়া ।

১৬। ধুবুৰী ।

১৭। ধেমাজী ।

১৮। নগাঁও ।

১৯। নলবাৰী ।

২০। বঙাইগাঁও ।

২১। বৰপেটা ।

২২। বাগ্‌ছা ।

২৩। মৰিগাঁও ।

২৪। যোৰহাট ।

২৫। লক্ষীমপুৰ ।

২৬। শিৱসাগৰ ।

২৭। হাইলাকান্দি ।

২৮। দক্ষিণ শালমাৰা ।

২৯। বিশ্বনাথ চাৰিআলি ।

৩০ । হোজাই ।

৩১। চৰাইদেউ ।

৩২। পশ্চিম কাৰ্বি আংলং ।

৩৩। মাজুলী ( ঘোষণা ২০১৬ ৰ ৮ ছেপ্তেম্বৰ ) ।

৩৪। বিজনী ( ঘোষণা- ২১/১২/২০১৯ ) । আৰু

৩৫ । বজালী ( ঘোষণা- ১১/৮/২০২০ ) ।

Leave a Reply

error: Content is protected !!
Scroll to Top