Assamese GK – অসমৰ কেইটিমান কীৰ্ত্তিচিহ্ন | অসমীয়া সাধাৰণ জ্ঞান – 2022

Join Roy Library Telegram Groups

Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমৰ কেইটিমান কীৰ্ত্তিচিহ্ন | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.

Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ

Assamese GK – অসমৰ কেইটিমান কীৰ্ত্তিচিহ্ন | অসমীয়া সাধাৰণ জ্ঞান – 2022

অসমীয়া সাধাৰণ জ্ঞান GK

প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।

অসমৰ কেইটিমান কীৰ্ত্তিচিহ্ন

কাৰেংঘৰ :– শিৱসাগৰ চহৰৰপৰা ১৩ কিঃ মিঃ পূবে গড়গাঁৱত এই কাৰেংঘৰ অৱস্থিত । আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১ চনত এই ৰাজপ্রাসাদ বা কাৰেংঘৰটো সাজিছিল । ই মাটিৰ তলত দুমহলা আৰু ওপৰত পাঁচমহলা আছে । ইয়াৰ তলৰ মহলাৰপৰা তলাতল ঘৰলৈ গোপনে অহা – যোৱা কৰিব পৰা মাটি তলেৰে এটা ১৬ কিঃ মিঃ দৈৰ্ঘ্যৰ সুৰংগ পথ আছিল ।

ৰংঘৰ :- শিৱসাগৰ চহৰৰ ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ১৭৪৬ চনত আহোম ৰজা প্ৰমত্ত সিংহই এই বিশেষ ঘৰটো সজাইছিল । ডিম্বাকৃতিৰ এই দুমহলীয়া ঘৰটো প্ৰধানতঃ খেল – ধেমালি আদি উপভোগ কৰিবলৈ ব্যৱহৃত হৈছিল । ৰংঘৰৰ ভিতৰতো বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল ।

জয়সাগৰ পুখুৰী :– শিৱসাগৰ চহৰৰপৰা প্ৰায় পাঁচ কিঃমিঃ দক্ষিণত অৱস্থিত এই জয়সাগৰ পুখুৰী । এই বৃহৎ পুখুৰীটো আহোম ৰজা ৰুদ্ৰসিংহই ১৬৯৭ চনত তেওঁৰ মাতৃ সতী জয়মতীৰ পৱিত্ৰ স্মৃতিত জেৰেঙা পথাৰত খন্দাইছিল ।

ধোদৰ আলি :– ১৬৮৭ চনত আহোম ৰজা গদাধৰ সিংহই এই বুৰঞ্জী প্রসিদ্ধ আলিবাটটো গোলাঘাটত নিৰ্ম্মাণ কৰিছিল । কথিত আছে ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবলৈ ধোদৰ ভাও ধৰা গোসাঁই আৰু ভকতসকলক ধৰি অনাই এই আলিটো নিৰ্ম্মাণ কৰাৰ বাবে ইয়াক ধোদৰ আলি নাম দিয়া হৈছিল । ইয়াৰ দৈৰ্ঘ্য প্রায় ১৮৫ কিঃমিঃ ।

অগ্নিগড় :- তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ঐতিহাসিক গড়টো বাণ ৰজাই কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিৰ্ম্মাণ কৰিছিল । ই ঊষাৰ কাৰেং আছিল । বৰ্ত্তমান ইয়াক আকর্ষণীয় পাৰ্ক ৰূপে সজাই তোলা হৈছে ।

মোমাইকটা গড় :– কামৰূপ জিলাৰ শৰাইঘাটৰ ওচৰত মোগলৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আহোম ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দ্দেশত সেনাপতি লাচিত বৰফুকনে এৰাতিৰ ভিতৰত নিৰ্ম্মাণ কৰিছিল । গড়টোৰ নিৰ্ম্মাণ কাৰ্য্যত হেলা কৰাৰ কাৰণে লাচিতে মোমায়েকক শিৰচ্ছেদ কৰিছিল বাবে গড়টোৰ নাম মোমাইকটা গড় হয় । বর্তমান ই নিঃচিহ্ন ।

Leave a Reply

error: Content is protected !!
Scroll to Top