লাচিত বৰফুকন বিষয়ে ৰচনা

Join Roy Library Telegram Groups

বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ লাচিত বৰফুকন বিষয়ে ৰচনা | Essay Writing on Lachit Barphukan in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।

Essay Writing on Lachit Barphukan in Assamese

লাচিত বৰফুকন

আৰম্ভণিঃ অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম। ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত বফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়।

জন্মঃ বীৰ লাচিত বৰফুকনৰ জন্মৰ বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনত ২৪ নৱেম্বৰ তাৰিখে আহাম ৰাজধানী গড়গাঁৱৰ ওচৰ-পাছ তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয় ৷ তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। মােমাই তামুলীয়ে স্বৰ্গদেউৰ প্ৰতি বৰ আনুগত্য প্রকাশ কৰিছিল। তেওঁৰ দেউতাক আছিল ম’-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-ছাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী আছিল। সততা আৰু তেওঁৰ স্পষ্ট বাদিতা তেওঁৰ আন এক বৈশিষ্ট্য।

লাচিত বৰফুকনেও পিতৃৰ পৰাই এই গুণসমূহ আয়ত্ত কৰিছিল আৰু নিজকে এজন নিঃস্বার্থ দেশপ্রেমিক হিচাপে পৰিচয় দি শৰাইঘাটৰ যুদ্ধত মােগলক পৰাস্ত কৰি অসম বুৰঞ্জীত নিজকে অমৰ কৰি থৈ গৈছে। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আহিছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল৷ তেওঁক প্রথমে ঘঁঞা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল ৷ এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল৷ ঘোঁৱা বৰুৱা, দুলীয়া বৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পলি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওঁফা চুপুংমু ফুকনলং হৈ পৰিছিল।

ভূমিকাঃ অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি কলে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। বিশেষকৈ আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকনৰ টান নৰিয়াৰ বিষয়ে গম পাই আন্ধাৰুবালিৰ গড়ৰ সুৰংগৰে সোমাই আহোমসকলক আক্ৰমণ কৰিবলৈ ৰামসিংহই পৰিকল্পনা কৰিলে। গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্রীষ্টাব্দত মোগল সম্রাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। আহোম মোগলৰ সৰ্বশেষ যুদ্ধখনেই হ’ল শৰাইঘাট যুদ্ধ। ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত এই যুদ্ধ সংঘটিত হৈছিল।

মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনা বাহিনী যি জাতীয়তাবাদ, নিয়মানুৱৰ্তীতা, আৰু একমুখী কাৰ্যপন্থাৰ উদাহৰণ পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। লাচিত বৰফুকনে কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিজ মোমায়েকক হত্যা কৰা বুলি কোৱা হয়। ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰিবলৈ লোৱা সময়ত লাচিতে মোমায়েকক এটা গড় একেৰাতিৰ ভিতৰত নিৰ্মাণ কৰাবলৈ দিছিল কিন্তু মোমায়েকে এই কাৰ্যত অৱহেলা কৰিছিল আৰু মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ এই সংকটকালত দেশদ্ৰোহ কৰিছে বুলি লাচিতে খাপৰ পৰা হেংদাং উলিয়াই “দেশতকৈ মোমাই ডাঙৰ নহয় বুলি” নিজ মোমায়েকক শিৰচ্ছেদ কৰিছিল।

সমাপ্তঃ লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত জয় লাভ কৰিছিল। তেওঁৰ মহৎ বাণী “দেশতকৈ মোমাই ডাঙৰ নহয়” আজিও সোণালী আখৰেৰে অসমৰ বুৰঞ্জীত লিখা আছে আৰু ভৱিষ্যতত লিখা থাকিব। তেওঁ অসমৰ ইতিহাসত বীৰ হিচাপে খ্যাত। এই গৰাকী অসমীয়া বীৰে ১৬৭২ চনৰ ২৫ এপ্রিলত বেমাৰত পৰি মৃত্যুক বৰণ কৰে। লাচিত বৰফুকনৰ সমাধিস্থল সোলোঙাপাৰ, শৰাইঘাট। ১৬৭২ খ্রীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়। অসমীয়া নতুন প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ’ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক। তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো অসমত ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয়।

লাচিত বৰফুকন বিষয়ে ৰচনা 1000 words | লাচিত বিষয়ে ৰচনা | লাচিত বৰফুকন বিষয়ে ৰচনা 50 words | লাচিত বৰফুকন বিষয়ে ৰচনা 300 words | লাচিত বৰফুকন বিষয়ে ৰচনা 150 words | লাচিত বৰফুকন বিষয়ে ৰচনা 200 words | লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

Read More: বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন | Application for Transfer of Bank Account in Assamese

অনুগ্ৰহ কৰি মন কৰিবঃ Essay Writing on Lachit Barphukan in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

4 thoughts on “লাচিত বৰফুকন বিষয়ে ৰচনা”

Leave a Reply

error: Content is protected !!
Scroll to Top