World Assamese Gk – বিপিন ৰাৱাট ( Bipin Rawat ) | বিশ্ব কুইজ in Assamese

Join Roy Library Telegram Groups

World Assamese Gk – বিপিন ৰাৱাট ( Bipin Rawat ) | বিশ্ব কুইজ in Assamese. বৰ্তমান বিশ্বত অভাৱনীয়ভাৱে পৰিৱৰ্তন ঘটিছে। কম্পিউটাৰ , ইণ্টাৰনেট আদি প্ৰযুক্তিবিদ্যাৰ বাবে বিশ্বত জ্ঞানৰ বিস্ফোৰণ ঘটিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰতিজন ব্যক্তি বিশ্বৰ ঘটনা – প্ৰৱাহৰ লগত জ্ঞানলব্ধ হ’বৰ বাবে নতুন নতুন খা – খবৰৰ বিষয়ে জ্ঞাত হ’ব লাগিব। সকলোৰে বাবে কম্পিউটাৰ , ইণ্টাৰনেট ব্যৱহাৰ কৰি জ্ঞান আহৰণ কৰা সম্ভৱপৰ নহয়। তদুপৰি বৰ্তমান সময়ত চাকৰি প্ৰাৰ্থী সকলৰ বাবে কম খৰচৰ আৰু সহজে পাব পৰা সাধাৰণ জ্ঞানৰ এই Roy Library Website খন সততে দৰকাৰ। বিশ্বৰ ঘটনা প্ৰৱাহৰ বা – বাতৰিৰ লগতে আন জানিবলগীয়া ওজনৰ ভাণ্ডাৰ স্বৰূপ – সাধাৰণ – জ্ঞানৰ Website এখনে চাকৰি প্ৰাৰ্থীক বিশেষভাৱে সহায় কৰিব পাৰে। বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান লব্ধ চাকৰি – প্ৰাৰ্থীয়েহে সফল কাম হ’ব পাৰে। তেনে এক মহৎ উদ্দেশ্যে মনত ৰাখি সাধাৰণ জ্ঞানৰ এই website টি প্ৰকাশ কৰি উলিওৱা হৈছে। জ্ঞানলিপ্সু পঢ়ুৱৈ সমাজ তথা চাকৰি – প্ৰাৰ্থী যুৱক – যুৱতীক জ্ঞানৰ সৌৰভ বিলোৱাত এই ৱেবচাইটখনে কিঞ্চিৎ সহায় কৰিলেও আমি নথৈ সুখী ও আনন্দিত হ’ম। সদৌ শেষত অজানিত কিবা ভুল – ভ্ৰান্তিৰ বাবে ক্ষমা প্ৰাৰ্থী।

World GK PDF in Assamese , Assamese GK question Answer in World , Assamese GK MCQ in World , Assamese GK Book in World , Assamese GK Mock Test in World , World GK in Assamese Quiz, World General Knowledge in Assamese, World GK Question and Answer, General Knowledge of World, বিশ্বৰ অসমীয়া সাধাৰণ জ্ঞান, বিশ্বৰ অসমীয়া GK PDF, বিশ্বৰ অসমীয়া কুইজ, বিশ্বৰ নতুন কুইজ, বিশ্বৰ সাধাৰণ জ্ঞান কুইজ

World Assamese Gk – বিপিন ৰাৱাট ( Bipin Rawat ) | বিশ্ব কুইজ in Assamese

The world today is changing dramatically. There is an explosion of knowledge in the world for technology like computer, internet etc. In this context, every person needs to be aware of the latest news in order to get acquainted with the events of the world. It is not possible for everyone to acquire knowledge using computer, internet. In addition, the current low cost and easy to access general knowledge of the Roy Library Website is a must for all job seekers today. A job-seeker can be particularly helpful as a general knowledge website as a repository of world events or news as well as other known weights. Jobs with knowledge on various topics – Candidates can be successful only. This is a very important point to keep in mind. Although this website has helped a little bit in spreading the fragrance of knowledge in the society and job-seeking youth-youth, we are not happy and happy. Apologies for the inconvenience.

Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam, Indian, World Current Affair. World Assamese GK – বিশ্বৰ অসমীয়া সাধাৰণ জ্ঞান Question and Answer. Here you can get some important World Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.

বিপিন ৰাৱাট

ভাৰতীয় সেনাৰ চাৰি তাৰকাযুক্ত প্ৰথমগৰাকী ( CDS ) মুখ্য সৰ্ব্বাধিনায়ক বিপিন ৰাৱাট জন্ম:- ইং ১৯৫৮ চনৰ ১৬ মাৰ্চত উত্তৰাখণ্ডৰ পৌৰী নামৰ ঠাইত বিপিন লক্ষ্মণ সিং ৰাৱাট নামৰ মহান বীৰপুৰুষজনৰ জন্ম হৈছিল এটি হিন্দু গড়ৱালি পৰিয়ালত। তেওঁৰ পিতৃ আছিল লক্ষ্মণ সিং ৰাৱাট।

শিক্ষাগ্রহণ :- কেইবাটাও প্ৰজন্মই দেশৰ সামৰিক বাহিনীত সেৱা আগবঢ়োৱা পৰিয়ালৰ সন্তান বিপিন ৰাৱাটে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ডেৰাডুনৰ কেমব্রিয়ান হল স্কুল আৰু চিমিলাৰ ছেইণ্ট এডৱাৰ্ড স্কুলত। তেওঁ খৰকৱাছলা নেচনেল একাডেমীতো অধ্যয়ন কৰিছিল। চোকা বুদ্ধিসম্পন্ন ৰাৱাটে ইণ্ডিয়া মিলিটেৰী একাডেমীৰ পৰা ‘ ‘ শ্বৰ্ড অৱ অনাৰ ’ লাভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মী কমাণ্ডৰ হায়াৰ কমাণ্ড ক’ৰ্ট আৰু কানচাচৰ ফ’ৰ্ট লেভেনৱৰ্থৰ জেনেৰেল ষ্টাফ কলেজতো সুখ্যাতিৰে শিক্ষা গ্ৰহণ কৰিছিল এই দেশনেতাজনে। আকৌ সামৰিক মাধ্যমৰ কৌশলগত অধ্যয়নৰ বাবে মিৰাটৰ চৌধাৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অৱ ফিলছ’পী ডিগ্ৰীও লাভ কৰিছিল।

কর্মময় জীৱন :- প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাটে ইং ১৬/১২/১৯৭৮ তাৰিখে পিতৃৰ কৰ্মভূমি ভাৰতীয় গোৰ্খা ৰাইফলছৰ ৫ ম বেটেলিয়ানত নিযুক্তিৰে সেনাবাহিনীত আত্মনিয়োগ কৰি ইং ০১/০১/২০১৬ তাৰিখে ছাউদাৰ্ণ কমাণ্ডৰ আৰু ইং ০১/০৯/২০১৬ ত ভাৰতীয় স্থলসেনা বাহিনী উপ – মুৰব্বী আৰু ইং ১৭/১২/২০১৬ তাৰিখে মুখ্য মুৰব্বীৰ পদলৈ উন্নীত হয়। সদৌ শেষত জেনেৰেল বিপিন ৰাৱাটে নিজৰ দক্ষতাৰ ফলত অৱসৰ গ্ৰহণৰ পিছতো ইং ৩০/১২/২০১৯ তাৰিখে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান পদত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্তি লাভ কৰিছিল।

প্রায় ৪০ বছৰীয়া দেশ সেৱাতৰত জেনেৰেল ৰাৱাটে বিশিষ্ট সেৱা মেডেল , উত্তম যুদ্ধ সেৱা মেডেল , অতি বিশিষ্ট সেৱা মেডেল আদিকে ধৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

এইজনা মহান বীৰপুৰুষে ইং ০৮/১২/২০২১ তাৰিখে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত হোৱা বায়ুসেনাৰ এম.আই -১৭ ভি -৫ হেলিকপ্টাৰ দুৰ্ঘটনাত পত্নী মধুলিকা ৰাৱাট আৰু আন ১৩ জন শীর্ষ বিষয়াসহ মৃত্যু বৰণ কৰে।

প্ৰশ্নোত্তৰঃ

প্ৰশ্ন ১। বিপিন ৰাৱাটৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ জন্ম ইং ১৯৫৮ চনৰ ১৬ মাৰ্চত উত্তৰাখণ্ডৰ পৌৰী নামৰ ঠায়ত হৈছিল।

প্ৰশ্ন ২। বিপিন ৰাৱাটৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পিতৃৰ নাম লক্ষ্মণ সিং আছিল।

প্ৰশ্ন ৩। বিপিন ৰাৱাট কি পৰিয়ালৰ সন্তান আছিল ?

উত্তৰঃ বিপিন ৰাৱাট হিন্দু গড়ৱালি পৰিয়ালৰ সন্তান আছিল।

প্ৰশ্ন ৪। বিপিন ৰাৱাট স্কুলীয়া শিক্ষা গ্ৰহণ ক’ত কৰিছিল ?

উত্তৰঃ বিপিন ৰাৱাটে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ডেৰাডুনৰ কেম্ব্ৰিয়ান হল আৰু চিমিলাৰ ছেইণ্ট এডৱাৰ্ড নামৰ স্কুলত । তেওঁ খৰকৱাছলা নেচনেল একাডেমীতো অধ্যয়ন কৰিছিল।

প্ৰশ্ন ৫। চোকা বুদ্ধি সম্পন্ন বিপিন ৰাৱাটে ইণ্ডিয়া মিলিটেৰী একাডেমীৰ পৰা কি লাভ কৰিছিল ?

উত্তৰঃ চোকা বুদ্ধি সম্পন্ন বিপিন ৰাৱাটে ইণ্ডিয়া মিলিটেৰী একাডেমীৰ পৰা ‘ শ্বৰ্ড অৱ অনাৰ ‘ লাভ কৰিছিল।

প্ৰশ্ন ৬। বিপিন ৰাৱাটে আমেৰিকা যুক্তৰাষ্ট্ৰত কি ক’ৰ্চ সুখ্যাতিৰে সম্পন্ন কৰিছিল ?

উত্তৰঃ বিপিন ৰাৱাটে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰ্মী কামাণ্ডৰ হায়াৰ কমাণ্ড ক’ৰ্চ আৰু কানচাচৰ ফ’ৰ্ট লেভেনৱাৰ্থৰ জেনেৰেল ষ্টাফ কলেজতো সুখ্যাতিৰে সম্পন্ন কৰিছিল।

প্ৰশ্ন ৭। বিপিন ৰাৱাটে কৌশলগত অধ্যয়নৰ বাবে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ বিপিন ৰাৱাটে কৌশলগত অধ্যয়নৰ বাবে মিৰাটৰ চৌধাৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

প্ৰশ্ন ৮। বিপিন ৰাৱাটে কিমান চনত ভাৰতীয় গুৰ্খা বেটেলিয়ানত আত্মনিয়োগ কৰে ?

উত্তৰঃ বিপিন ৰাৱাটে ইং ১৬/১২/১৯৭৮ চনত পিতৃৰ কৰ্মভূমি ভাৰতীয় গুৰ্খা বেটেলিয়ানত আত্মনিয়োগ কৰে।

প্ৰশ্ন ৯। বিপিন ৰাৱাটে কিমান চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান পদ নিযুক্তি লাভ কৰিছিল ?

উত্তৰঃ বিপিন ৰাৱাটে ইং ৩০/১২/২০১৯ চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান পদ নিযুক্তি লাভ কৰিছিল।

প্ৰশ্ন ১০। বিপিন ৰাৱাটে কিমান বছৰ দেশ সেৱাত অৱগত আছিল ?

উত্তৰঃ বিপিন ৰাৱাটে ৪৩ বছৰ দেশ সেৱাত অৱগত আছিল।

প্ৰশ্ন ১১। বিপিন ৰাৱাটে কোন চনত আৰু কিমান তাৰিখে ক’ত কেনেকৈ মৃত্যুবৰণ কৰে ?

উত্তৰঃ বিপিন ৰাৱাটে ইং ০৮/১২/২০২১ তাৰিখে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত হোৱা বায়ুসেনাৰ এম.আই -১৭ ভি -৫ হেলিকপ্টাৰ দুৰ্ঘটনাত পত্নী মধুলিকা ৰাৱাট আৰু আন ১৩ জন শীর্ষ বিষয়াসহ মৃত্যু বৰণ কৰে ।

প্ৰশ্ন ১২। বিপিন ৰাৱাটৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নীৰ নাম মধুলিকা ৰাৱাট আছিল।

প্ৰশ্ন ১৩। বিপিন ৰাৱাটৰ মাহেকীয়া দৰমহা কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ মাহেকীয়া দৰমহা আছিল – ডলাৰ $৩৪০০ ভাৰতীয় টকাত হয়গৈ ২৬০,০০০

প্ৰশ্ন ১৪ বিপিন ৰাৱাটৰ পেশা কি আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পেশা কি আছিল – ভারতীয় সশস্ত্র বাহিনীৰ চিফ অফ ডিফেন্স স্টাফ।

প্ৰশ্ন ১৫। বিপিন ৰাৱাটৰ মৃত্যুৰ আগমুহূৰ্ত লৈকে বয়স কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ বয়স আগমুহূৰ্ত লৈকে ৬৩ আছিল।

প্ৰশ্ন ১৬। বিপিন ৰাৱাটৰ উচ্চতা কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ উচ্চতা ৬ ফুট ১ ইঞ্চি ১৪৮ চেণ্টিমিতাৰ আছিল।

প্ৰশ্ন ১৭। বিপিন ৰাৱাটৰ ওজন কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ ওজন ৬৮( kg ) আছিল।

প্ৰশ্ন ১৮। বিপিন ৰাৱাটৰ ঘৰ কোনখন গাঁও/চহৰত আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ ঘৰ পৌৰী গড়ৱাল নামৰ গাঁও/চহৰত আছিল।

প্ৰশ্ন ১৯। বিপিন ৰাৱাটৰ পত্নীৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নীৰ প্ৰকৃত নাম মধুলিকা ৰাজ সিং আছিল।

প্ৰশ্ন ২০। বিপিন ৰাৱাটৰ পত্নীৰ পেশা কি আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নীৰ পেশা আছিল সমাজ সেৱা কৰা।

প্ৰশ্ন ২১। বিপিন ৰাৱাটৰ পত্নীৰ ওজন কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নীৰ ওজন ৬৮ ( kg ) আছিল।

প্ৰশ্ন ২২। বিপিন ৰাৱাটৰ পত্নীৰ উচ্চতা কিমান আছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নীৰ উচ্চতা আছিল – ৫ ফুট ১১ ইঞ্চি ১৮০.৩৪ চেণ্টিমিটাৰ।

প্ৰশ্ন ২৩। বিপিন ৰাৱাটৰ পত্নী কোনখন বিভাগত শিক্ষা গ্ৰহণ কৰি স্নাতকডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ বিপিন ৰাৱাটৰ পত্নী মনোবিজ্ঞান বিভাগত শিক্ষা গ্ৰহণ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল।

Leave a Reply

error: Content is protected !!
Scroll to Top