বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese

Join Roy Library Telegram Groups

বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ ।

বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese

বিদায় সভাৰ ভাষণ

নমস্কাৰ, আজিৰ এই সভাত উপস্থিত সন্মানীয় সভাপতি লগতে বিদ্যালয়ৰ শিক্ষাগুৰসকল আৰু মোৰ সহপাঠী বন্ধু-বান্ধৱী তথা ভাই-ভন্টিসকল। পোন প্ৰথমে মই আপোনালোকক শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই সভাখনৰ বাবে। আজি এই সভাখন কিয় পতা হৈছে আমি সকলোৱেই জানো হয়নে? এই সভাখন হ’ল বিদায় সভা অৰ্থাৎ আজি দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এইখন বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিন। আৰু এই বিদায় চিৰ বিদায় নহয়। মনত বহুত দুখঃ কষ্ট লাগিছে, কাৰণ বিদায় মানে কষ্ট, যন্ত্ৰণা, বিষাদ। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্রথম এই বিদ্যালয়খনলৈ আহিছিলো। মনত পৰিছে শিক্ষাগুৰুসকল, সহপাঠী, তথা ভাই ভন্টিসকলৰ লগত পঢ়া-শুনা কৰা খেলা-ধূলা, দুষ্টালি কৰা।

এই চেগতে মোৰ তথা আমাৰ আদৰণীয় শিক্ষাগুৰু সকলোলৈ জনাইছো অলেখ অযুত ধন্যবাদ। শিক্ষাসকল মই আপোনালোকক ধন্যবাদ জনাই আপোনালোৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে।

আজি সুখতকৈ দুখঃ বেছিকৈ লাগিছে কিয়নো মন গলেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। আপোনালোকৰ এইখিনি কার্য্যৰ দ্বাৰাই ভবিষ্যত আমি আমাৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি? অসত্য কি? ভাল কি? বেয়া কি? এই সকলোবোৰ কথা জানিব পাৰিছো একমাত্র আপোনালোকৰ বাবে।

আপোনালোকে আমাক যিমানখিনি জ্ঞান দিছে সেইখিনি সদায়ে অতুলনীয়। কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম। আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক মনত স্মৰণ কৰিব।

সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই লগতে ভগৱানৰ ওচৰত আপোনালোক আটাইৰে সুস্থতা আৰু দীর্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্যটি সামৰণি মাৰিছোঁ, ধন্যবাদ।

Read More: এজাহাৰ কেনেকৈ লিখিব | FIR Writing in Assamese

অনুগ্ৰহ কৰি মন কৰিবঃ আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

14 thoughts on “বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese”

  1. Moi aiber hslc dim ane Ek bar aitu bostu search kori salu aitu link aru eyar likhoni mur eman govir je aji 29 may 2024 tarikhe mur soku t pani ahil aru besi mah nai mur school t …?

Leave a Reply

error: Content is protected !!
Scroll to Top