Assam History Short Question Answer [Part -1] All Competitive Exam – অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞান

Join Roy Library Telegram Groups

Hello Viewers Today’s We are going to Share With You Assam History Short Question Answer [Part -1] All Competitive Exam – অসম বুৰঞ্জী সাধাৰণ জ্ঞান Here you can Find some important Assamese General Knowledge Book Question and Answer for all upcoming Assam History Short Question Answer [Part -1] All Competitive Exam – অসম বুৰঞ্জী সাধাৰণ জ্ঞান I hope that it’s help you to increase your knowledge. Assam History General knowledge Book for Competitive Exam.

Assam History Short Question Answer [Part -1] All Competitive Exam – অসম বুৰঞ্জী সাধাৰণ জ্ঞান

অসম বুৰঞ্জী প্ৰশ্ন PDF Download This is important Questions for your all Assamese GK MCQ Important Question With Answers PDF Competitive exam preparation. Assamese G.K for Competitive Exams with Answers PDF If you liked Assamese GK – বুৰঞ্জী ( Assam Buranji ) | অসমীয়া সাধাৰণ জ্ঞান Then Please Do Share this Post With your Friends as Well. All the best for your GK in Assamese Language all upcoming competitive Exam.

অসম বুৰঞ্জী সাধাৰণ জ্ঞান

1. পৌৰাণিক যুগত অসম খনক কি নামেৰে জনা গৈছিল? 

উত্তৰঃ পৌৰাণিক যুগত অসম খনক  প্ৰাকজ্যোতিষপুৰ নামেৰে জনা গৈছিল।

2. অসমত শাসন কৰা প্ৰথমটো বংশ আৰু শাসন কৰা প্ৰথম ৰজা জনৰ নাম কি আছিল? 

উত্তৰঃ অসমত শাসন কৰা প্ৰথমটো বংশ দানৱ বংশ আৰু ৰজা জনৰ নাম আছিল মহিৰংগ দানৱ।

3. মহিৰংগ দানৱৰ পিছত ৰাজত্ব কৰা ৰজা সকলোৰ নাম কি কি? 

উত্তৰঃ মহিৰংগ দানৱৰ পিছত ৰাজত্ব কৰা ৰজা সকলোৰ নাম হ’ল – হটকাসুৰ, সন্তাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ।

4. দানৱ বংশৰ শেষৰ ৰজা জনৰ নাম কি আছিল?

উত্তৰঃ দানৱ বংশৰ শেষৰ ৰজা জনৰ নাম ঘটকাসুৰ আছিল।

5. ঘটকাসুৰক কোনে হত্যা কৰিছিল?

উত্তৰঃ ঘটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল।

6. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

উত্তৰঃ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ আছিল।

7. নৰকাসুৰক বধ কৰি কোনে ৰাজপাট দখল কৰিছিল?

উত্তৰঃ নৰকাসুৰক বধ কৰি ভগদত্তই ৰাজপাট দখল কৰিছিল।

৪. ভগদত্তৰ পিছত প্ৰাকজোতিষপুৰৰ ৰজা কোন হৈছিল?

উত্তৰঃ ভগদত্তৰ পিছত প্ৰাকজোতিষপুৰৰ ৰজা ব্ৰজদত্তই আছিল।

9. অসম বুৰঞ্জীৰ কোনখিনি সময়ছোৱাক অন্ধকাৰৰ যুগ বুলি কোৱা হয়? 

উত্তৰঃ ব্ৰজদত্তৰ ৰাজত্বৰ পৰা চতুৰ্থ শতিকাৰ সময়চোৱাক অন্ধকাৰৰ যুগ বুলি কোৱা হয়।

10. অসুৰ বংশৰ পতনৰ পিছত ৰাজত্ব কৰা বংশটোৰ নাম আৰু ৰাজত্ব কৰা প্ৰথম ৰজা জনৰ নাম কি আছিল?

উত্তৰঃ অসুৰ বংশৰ পতনৰ পিছত ৰাজত্ব কৰা বংশটোৰ নাম বৰ্মন বংশ। আৰু ৰাজত্ব কৰা প্ৰথম ৰজা জনৰ নাম আছিল পুষ্য বৰ্মন।

11. বর্মন বংশ কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল?

উত্তৰঃ বর্মন বংশ ৩৫০-৬৫০ খ্রীষ্টাব্দলৈ ৰাজত্ব কৰিছিল।

12. পুষ্য বৰ্মনে কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ পুষ্য বৰ্মনে মহাৰাজাধিৰাজ উপাধি গ্রহণ কৰিছিল।

13. পুষ্য বৰ্মণৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ ৰজা কোন হৈছিল?

উত্তৰঃ পুষ্য বৰ্মণৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ ৰজা সমুদ্র বর্মণ হৈছিল।

14. পুষ্য বৰ্মণৰ শাসনকাল কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ আছিল?

উত্তৰঃ পুষ্য বৰ্মণৰ শাসনকাল ৩৫০-৩৭৪ খ্ৰীষ্টাব্দলৈ আছিল।

15. পুষ্য বৰ্মণৰ পিছত ৰাজত্ব কৰা ৰজা সকলোৰ নাম কি কি আছিল?

উত্তৰঃ পুষ্য বৰ্মণৰ পিছত ৰাজত্ব কৰা ৰজা সকলোৰ নাম – বলবর্মন, কল্যান বর্মন,ভূমি বর্মন, চন্দ্রমুখ বৰ্মন, ভাস্কৰ বৰ্মন আছিল।

16. বৰ্মন বংশ ৰ শেষ ৰজা জনৰ নাম কি আছিল আৰু তেওঁৰ ৰাজত্ব কাল কিমান আছিল?

উত্তৰঃ বৰ্মন বংশ ৰ শেষ ৰজা জনৰ নাম ভাস্কৰ বৰ্মন। তেওঁৰ ৰাজত্ব কাল ৫৯৮-৬৫০ আছিল।

17. ভাস্কৰ বৰ্মনে সূচনা কৰা নতুন যুগটোৰ নাম কি আছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনে সূচনা কৰা নতুন যুগটোৰ নাম ভাস্কৰাব্দ বা কামৰূপী যুগ আছিল।

18. গৌড়ৰ ৰজাক হত্যা কৰিবলৈ তেওঁ কাৰ সৈতে বন্ধুত্ব কৰিছিল?

উত্তৰঃ গৌড়ৰ ৰজাক হত্যা কৰিবলৈ তেওঁ হৰ্ষবৰ্দ্ধনৰ সৈতে বন্ধুত্ব কৰিছিল।

19. ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অসমত অহা চীনা পৰিব্ৰাজক জনৰ নাম কি আছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অসমত অহা চীনা পৰিব্ৰাজক জনৰ নাম হিউৱেন চাং আছিল।

20. বৰ্মন বংশৰ পতনৰ পিছত প্ৰাকজোতিষপুৰত কোনে ৰাজপাট দখল কৰিছিল?

উত্তৰঃ বৰ্মন বংশৰ পতনৰ পিছত প্ৰাকজোতিষপুৰত শালস্তম্ভ বংশ বা ম্লেচ্চ বংশ ৰাজপাট দখল কৰিছিল।

21. শালস্তম্ভ বংশৰ ৰাজধানী ক’ত আছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ ৰাজধানী হৰুপেশ্বৰত আছিল।

22. শালস্তম্ভ বংশ‍ই কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ শালস্তম্ভ বংশ‍ই ২৫০ বছৰ ৰাজত্ব কৰিছিল।

23. শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম কি আছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম ত্যাগসিংহ আছিল।

24. শালস্তম্ভ বংশৰ পিছত ৰাজত্ব কৰা বংশটোৰ নাম কি আৰু কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ পিছত ৰাজত্ব কৰা বংশটোৰ নাম পাল বংশ আছিল। আৰু ৯৯০-১১৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল।

We Hope the given Assamese General Knowledge Book Question and Answer will help you. If you Have any Regarding, General knowledge MCQ for Competitive Exams, drop a comment below and We will get back to you at the earliest.

Leave a Reply

error: Content is protected !!
Scroll to Top