খ্ৰীষ্টমাছ বা বৰদিনৰ ওপৰত ৰচনা | Essay Writing on Christmas Day in Assamese

Join Roy Library Telegram Groups

বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ খ্ৰীষ্টমাছ বা বৰদিনৰ ওপৰত ৰচনা | Essay Writing on Christmas Day in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।

Christmas Day in assamese Essay writing

খ্ৰীষ্টমাছ বা বৰদিনৰ ওপৰত ৰচনা | Essay Writing on Christmas Day in Assamese

খ্ৰীষ্টমাছ বা বৰদিন

আৰম্ভণিঃ পৃথিৱীৰ সকলো জাতি ধৰ্ম – সম্প্ৰদায়ৰে একো একোটা বিশেষ সাংস্কৃতিক বা ধৰ্মীয় উৎসৱ আছে। হিন্দুৰ পূজা, অসমীয়া সকলৰ বিহু, খাচীয়াৰ নংক্রেম, মুছলমানৰ ঈদ-উজ-জহা, ঈদ-উল, ফিটৰ, আদি এনেকুৱা উৎসৱ। খ্ৰীষ্টানসকলৰ এনেকুৱা ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ হ’ল খ্ৰীষ্টমাছ বা বৰদিন। খ্ৰীষ্টমাছ বা বৰদিন হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীলোক সকললে পালন কৰা এক ডাঙৰ উৎসৱ।

দিনটোৰ তাৎপৰ্যঃ আজিৰ পৰা দুহেজাৰ বছৰ আগতে যীশুখ্ৰীষ্টই ২৫ ডিচেম্বৰ তাৰিখে যিহূদিয়া প্রদেশৰ (বর্তমান ফিলিস্তিনৰ) বাইতুল লাহাম বেথেলহেমত জন্ম লাভ কৰে। তেওঁৰ জন্মৰ দিনটোৰ স্মৰণত প্ৰতি বছৰে ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম তিথি উপলক্ষ্যে এই উৎসৱক “বৰদিন” হিচাপে পালন কৰে।

উৎসৰ বিৱৰণঃ বৰদিন কিছুদিনৰ আগৰ পৰাই খ্ৰীষ্টধৰ্মী লোকসমলে গীৰ্জা ঘৰ (চাৰ্চ) আৰু ব্যক্তিগত ঘৰবোৰ সজাই তোলে। গীৰ্জা ঘৰ, বাসভৱনত হৰল জাতীয় গছৰ ডালৰে খ্ৰীষ্টমাছ বৃক্ষ (ট্ৰি) ৰোপণ কৰি ৰঙীন কাগজৰ ফুল, মালা, ৰঙীন লাইট আদিৰে সজায়। ঘৰৰ সন্মুখত ৰা আকাৰৰ ফেনচ আঁৰে। বৰদিনৰ আগদিনা খ্ৰীষ্টমাছ ইভ (দিন সন্ধা) পালন কৰা হয়। গীৰ্জা ঘৰত সমূহীয়া প্রার্থনা হয়। বৰদিনৰ দিনা, পোৱাই সকলোৱে গা-পা ধুই নতুন কাপোৰ-জোতা পিন্ধি গীৰ্জা ঘৰলৈ গৈ খ্ৰীষ্টস্তুতি গীত গায়। বাইবেল (খ্ৰীষ্ট ধৰ্মীয় পুথি) পাঠ কৰে। সকলোৱে মিলিজুলি ভোজভাত খায়। সৰুয়ে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে হওক আশীৰ্বাদ দিয়ে। সন্দিয়া ঘৰত প্ৰদীপ জ্বলাই। প্ৰধান পুৰোহিতে সকলোৰে শান্তি কামনা কৰি আশীৰ্বাদ দিয়ে। তাৰ পাছত গোটেই দিন আনন্দ উৎসৱ হয়। সকলোৱে হিয়া উবুৰি মৰম যাচে, শুভেচ্ছামূলক কাৰ্ড আদি বিনিময় কৰে। পিঠা, মিঠাই আদিও উপহাৰ হিচাপে দিয়ে।

বৰদিনৰ আন এটি আকৰ্ষণীয় দিন হ’ল মৰমিয়াল ককা ছান্তাক্লজৰ কল্পনা আৰু অভিনয়। এওঁ বগা দাড়ি-চুলি থকা বুঢ়া মানুহ। জলহু চোলা পিন্ধে। বৰদিনত আহি এওঁ বিশেষকৈ লৰা-ছোৱালীক উপহাৰ দিয়ে বুলি বিশ্বাস কৰে। বৰদিনৰ দুখীয়া লোককো উপহাৰ দিয়া হয়।

সামৰণিঃ মহাপুৰুষ যীশুখ্ৰীষ্টই দয়াৰ সাগৰ। তেওঁৰ মতে, সকলো প্ৰাণীয়েই ঈশ্বৰৰ সন্তান। যীশুৱে সকলোকে একতাৰ বান্ধোনেৰে বান্ধি জগতৰ পৰা অন্যায় দূৰ কৰিবলৈ বিচাৰিছিল। খ্ৰীষ্টলোকসকলে অন্তিৰিকতাৰে এই উৎসৱ পালন কৰে। পৃথিৱীত শান্তি স্থাপন আৰু সমভাব প্ৰকাশ কৰাই এই উৎসৱৰ প্ৰধান কথা। এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে। বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্ৰভাৱ লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে। ভাৰততো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন।

Read Also:

অনুগ্ৰহ কৰি মন কৰিবঃ খ্ৰীষ্টমাছ বা বৰদিনৰ ওপৰত ৰচনা | Essay Writing on Christmas Day in Assamese Language আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top